আধৰুৱা দস্তাবেজ(৩)

” ৰাণী,  সন্ধিয়া লাগিল যাওঁ ব’ল | সাত বজাত মোৰ অনলাইন মিটিং এখন কলেজৰ |” ৰাণীক চিঞঁৰি মাতিলো | ৰাণী আৰু অনুৰাগ পথাৰৰ পৰা উঠি আহিল | আমি দুয়োজনী খোজকাঢ়ি আৰু অনুৰাগে লাহে লাহে বাইকখন চলাই আমাৰ পাছে পাছে আহি থাকিল | সেউজীয়া পথাৰৰ মাজৰ পকী ৰাস্তাটোৰ দুয়োকাষে উৰি ফুৰা হেজাৰ জোনাকী পৰুৱাও আমাৰ সংগী হ’ল |উভতনিৰ বাটত আমি কোনেও কথা পতা নাছিলো | মৌনতা ভংগ কৰি অনুৰাগে পিছফালৰপৰা সুধিলে,  ” আলফুল, তোমাৰ খবৰ কোৱা ? বহুবছৰৰ মূৰত দেখিছো | ৰাণীৰপৰা অলপ -অচৰপকৈ গম পাই থাকোঁ বাৰু | তথাপিও তোমাৰ মুখেৰেই শুনো |” মোক উদ্দেশ্যি সোধা প্ৰশ্নটো শুনিহে মোৰ সম্বিৎ ঘূৰি আহিল | মইতো অনুৰাগক এতিয়ালৈকে মাত এষাৰো দিয়া নাই ! ইস্ কি ভাবিছে বাৰু (?) ” মোৰ খবৰ ভাল অনুদা |(মইও অনুদা বুলিয়ে মাতো) মইও আপোনাক বহুত বছৰৰ মূৰত দেখিছো | শ্বিলঙৰ স্কুল এখনত ইংৰাজীৰ বিষয় শিক্ষক হিচাপে কাম কৰি আছো | দূৰ্গাপূজাৰ বন্ধটো মিলাই কেইদিনমানৰ ছুটীত ঘৰলৈ আহিছো | আপোনাৰ ভাল নহয়?” মই সুধিলো | ” মোৰো ভাল | অলপদিন ঘৰত থাকিম | লগ পাই থাকিম নিশ্চয় | ” অনুৰাগে ক’লে | মই ‘উমম’বুলি কৈ আন্ধাৰতে মূৰ দুপিয়ালো | ইতিমধ্যে আহি আহি ঘৰৰ পদূলি পালোহি | সিহঁতক বিদায় জনালো | ৰাণী আৰু অনুৰাগ দুয়োটা বাইকত উঠি  আন্ধাৰত বিলীন হ’ল |

(আগলৈ….)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

Create your website with WordPress.com
Get started
%d bloggers like this:
search previous next tag category expand menu location phone mail time cart zoom edit close